danewsplus.com
danewsplus.com

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বৈছে পানী

0 211

ডিজিটেল ডেস্কঃ গেৰুকামুখত নিৰ্মীয়মাণ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বৈছে পানী৷ ৭৫ শতাংশ কাম সম্পূৰ্ণ হৈ উঠা ২০০০ মেগাৱাট শক্তি সম্পন্ন প্ৰকল্পটোৰ বান্ধৰ ওপৰেৰে পানী বাগৰাত আতংকিত হৈ পৰিছে অঞ্চলবাসী৷ যোৱা দুদিন ধৰি অৰুণাচল পাহাৰত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবেই ওফন্দি উঠিছে সোৱণশিৰি৷

প্ৰবল বানত প্ৰকল্পটোৰ ৪০ মিটাৰৰ মূল বান্ধটোৰ ওপৰেদি বাগৰিছে পানী। প্ৰকল্প কৰ্তৃপক্ষই কাষৰীয়া ৰাইজৰ কোনো অনিষ্ট নহয় বুলি দাবী কৰিছে যদিও আস্বস্ত হ’ব পৰা নাই অঞ্চলটোৰ ৰাইজ৷

Leave A Reply

Your email address will not be published.