danewsplus.com
danewsplus.com

পাণ্ডু পোৰ্টত হ’ব উত্তৰ-পূৱৰ প্ৰথমটো জাহাজ মেৰামতিৰ ব্যৱস্থাপনা কেন্দ্ৰ

0 183

ডিজিটেল ডেস্কঃ মহানগৰীৰ পাণ্ডু ঘাটত উপস্থিত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ পাণ্ডু ঘাটত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰে সংবাদমেল৷ পাণ্ডু পোৰ্টত হ’ব উত্তৰ-পূৱৰ প্ৰথমটো জাহাজ মেৰামতিৰ ব্যৱস্থাপনা কেন্দ্ৰ৷ ২০২৩ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে নিৰ্মাণ হ’বলগীয়া কেন্দ্ৰটোত ব্যয় হ’ব প্ৰায় ৭৫ কোটি টকা৷

পূৰ্বে জাহাজ মেৰামতিৰ বাবে যাবলগীয়া হৈছিল কলিকতালৈ৷ কিন্তু এই কেন্দ্ৰ নিৰ্মাণৰ পিছত পাণ্ডুতে থাকিব সকলো ব্যৱস্থা৷ এই কেন্দ্ৰৰ দ্বাৰা নিয়োগৰ সুবিধা লাভ কৰিব স্থানীয় লোকেও৷ আনহাতে পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰৰে যোগাযোগ ব্যৱস্থা সুচল কৰাৰো পৰিকল্পনা কেন্দ্ৰীয় জল পৰিবহন বিভাগৰ৷ এই কথা সংবাদমেলত উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

লগতে ব্ৰহ্মপুত্ৰত যাত্ৰীবাহী আৰু মালবাহী জাহাজ চলোৱাৰো ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷ আনহাতে কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইংৰাজে লোৱা বিভিন্ন ব্যৱস্থাৰ ক্ষেত্ৰতো একো নকৰিলে কংগ্ৰেছে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰৰে সম্বন্ধ অধিক শক্তিশালী কৰিছে৷ উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিয়ে৷

Leave A Reply

Your email address will not be published.