danewsplus.com
danewsplus.com

ইণ্ডিয়ান আইডলৰ শ্ৰেষ্ঠত্ৱৰ খিতাপ বিজয়ী পৱনদীপ ৰাজনক ব্ৰেণ্ড এম্বেচেডৰ নিযুক্তি উত্তৰাখণ্ড চৰকাৰৰ

0 293

ডিজিটেল ডেক্সঃ পৱনদীপ ৰাজন হ’ল জনপ্ৰিয় টেলিভিশন শ্ব ইণ্ডিয়ান আইডলৰ শেহতিয়া চিজনৰ খিতাপ বিজয়ী। উত্তৰাখণ্ডৰ বাসিন্দা পৱনদীপৰ এই বিজয়ে উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চলত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। বহুত ঠাইত মিঠাই বিতৰণ কৰাৰ লগতে ফটকা ফুটাই উদযাপন কৰা হৈছে পৱনদীপৰ এই বিজয়।
বুধবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে পৱনদীপক ৰাজ্য খনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰে। ৰাজ্যখনৰ কলা, সংস্কৃতি, পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰৰ বাবে ব্ৰেণ্ড এম্বেচেডৰ হিছাপে নিৰ্বাচন কৰা হয় পৱনদীপক।

Leave A Reply

Your email address will not be published.