danewsplus.com
danewsplus.com

Brave Girl মুকলি স্থানত ড্ৰাগছ সেৱন কৰি থকা আজিজুলক ধৰি ৩ যুৱতীয়ে গতালে আৰক্ষীক

0 242

ডিজিটেল সংবাদ, নগাঁওঃ ড্ৰাগ্ছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত চলিয়েই আছে৷ কিন্তু এইবাৰ আৰক্ষী নহয়, ৩ সাহসী কিশোৰীৰ ড্ৰাগ্ছৰ বিৰুদ্ধে অভিযান৷ নগাঁৱত ড্ৰাগছ আসক্ত যুৱকক দৌৰি দৌৰি ধৰি গতালে আৰক্ষীক। ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দি নগাওঁ আৰক্ষীৰ প্ৰশংসা বুটলিছে ৰুবিত্ৰা পাটৰ, শিল্পী শিখা বৰা আৰু ইনাজ বেগমে।

নগাঁৱৰ নেহৰুবালি খেলপথাৰত এথলেটিকছৰ অনুশীলন কৰিবলৈ আহোঁতে কিশোৰী ৩গৰাকীয়ে প্ৰত্যক্ষ কৰিছিল ড্ৰাগ্ছ সেৱন কৰি থকা এদল যুৱকক৷ লগে লগে কিশোৰীকেইগৰাকীয়ে খেদি যায় যুৱকৰ দলটোকে৷ ইয়াৰ মাজৰ কেইবাজনো ড্ৰাগ্ছ আসক্ত যুৱকে পলায়ন কৰিলে যদিও কিশোৰীৰ দলটোৱে ধৰিলে ড্ৰাগ্ছ সেৱন কৰি থকা এজন যুৱকক৷

মুকলিকৈ ড্ৰাগছ সেৱন কৰি থকা যুৱক কেইজনক কোনেও সেই স্থানৰ পৰা আতৰাই পঠাবলৈ সাহস কৰা নাছিল৷ কিন্তু কিশোৰীকেইগৰাকী ইয়াৰ প্ৰতিবাদ জনাই সাহসিকতাৰে ধৰিলে ড্ৰাগছ সেৱন কৰি থকা যুৱক আজিজুলক। কিন্তু নেহৰুবালি খেলপথাৰত তিনি কিশোৰীক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল এজনো লোক। পিছত কিশোৰীকেইগৰাকীয়ে আজিজুলক গতাই দিয়ে নগাঁও আৰক্ষীক।

তিনিও গৰাকী কিশোৰীৰ সাহসিকতা এতিয়া ব্যাপক ভাবে চৰ্চিত হৈছে নগাঁওবাসীৰ মাজত। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ো প্ৰশংসা কৰিছে তিনি সাহসী কিশোৰীক। অতিশীঘ্ৰে তিনিওকে আৰক্ষীৰ ফালৰ পৰা বিশেষভাৱে সন্মানিত কৰা হ’ব বুলিও ঘোষণা কৰে আৰক্ষী অধীক্ষকজনে৷

Leave A Reply

Your email address will not be published.