danewsplus.com
danewsplus.com

আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিন

0 149

ডিজিটেল ডেক্সঃ আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিন। শনিবাৰৰ পৰা তিনিদিনীয়াকৈ জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিছে বিজেপিয়ে। প্ৰথমদিনা বৰঝাৰত সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি জনায় হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ নেতৃবৰ্গই। গুৱাহাটীত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
আজি গুৱাহাটীৰ পৰা উজনিলৈ যাত্ৰা আৰম্ভ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। জাগীৰোড, ধৰমতুল, নগাঁও, গোলাঘাট, যোৰহাটৰ বহুকেইটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে বটদ্ৰৱা থানতো সেৱা ল’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.