danewsplus.com
danewsplus.com

সকলো শ্ব’পিং ম’ল, দোকানৰ কমৰ্চাৰীসকলে ক’ভিড ভেকচিন লোৱা চৰ্টিফিকেট আৰি থোৱাটো বাধ্যতামূলক – কেশৱ মহন্ত

0 80

ডিজিটেল ডেক্স: ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি সন্দৰ্ভত শনিবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেল সম্বোধন কৰে। NHMৰ কাৰ্যালয়ত এই সংবাদমেলৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ ক’ৰোনা পৰিস্থিতিকলৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। সকলোকে ভেকচিন ল’বলৈ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

মহানগৰীত ক’ভিড সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে। গুৱাহাটীত মুঠ ১২০৪ টা ভোটকেন্দ্ৰ আছে। সেই সমূহ আধাৰ হিচাপে লৈ কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটীত ভেকচিন নোলোৱা লোক সকলৰ তালিকা প্ৰস্তুত কৰি আজিৰে পৰা ৩ দিন ধৰি ভেকচিন দিয়া সপ্তাহ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২৫ ৰ পৰা ৩১ আগষ্টৰ ভিতৰত গুৱাহাটী মহানগৰীত ভেকচিনেচন সম্পন্ন কৰিব। 8929103776 নম্বৰত মিছ কল দিলে ওচৰৰ কেন্দ্ৰত লাভ কৰিব ভেকচিন। এই সমগ্ৰ দায়িত্বত থাকিব কামৰূপ মেট্ৰৰ উপায়ুক্ত।

লগতে শ্ব’পিং ম’ল, দোকানৰ কমৰ্চাৰীসকলে ক’ভিড ভেকচিন লোৱা চৰ্টিফিকেট আৰি থোৱাটো বাধ্যতামূলক বুলি ঘোষণা কৰে। ইফালে, গুৱাহাটীবাসীক ক’ৰোনাৰ বিৰুদ্ধে সজাগ সচেতন হ’বলৈ আহ্বান জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।  অন্যথা চৰকাৰ কঠোৰ হ’বলৈ বাধ্য হ’ব চৰকাৰ তথা প্ৰশাসন। 

Leave A Reply

Your email address will not be published.