danewsplus.com
danewsplus.com

অসমত কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যমন্ত্ৰী ফগ্গন সিং কুলাস্তে

0 153

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যমন্ত্ৰী ফগ্গন সিং কুলাস্তে সম্প্ৰতি অসমত৷ বুধবাৰে কেন্দ্ৰীয়মন্ত্ৰীজনে কামৰূপ জিলাত কেইবাটাও চৰকাৰী কাৰ্যসূচীত ভাগ লয়৷ মন্ত্ৰীজনৰ এই কাৰ্যসূচীত সংগ দিয়ে ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে৷ আমিনগাঁৱৰ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰথমে এক বৈঠক মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী কুলাস্তে৷

জিলাখনৰ মীন, কৃষি, পশুপালন আৰু গ্ৰামোন্নয়নৰ বিভিন্ন আঁচিনৰ অগ্ৰগতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীজনে৷ এই বৈঠকৰ পিছতে হাজোত উপস্থিত হয় কুলাস্তে৷ হাজোত গ্ৰামোন্নয়নৰ কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰি মন্ত্ৰীজনে৷ ইয়াৰ পিছতে কেইবাটাও নতুন আঁচনিৰ আধাৰশিলা স্থাপন কৰে কুলাস্তেই৷

হাজোৰ চৰকাৰী কাৰ্যসূচীৰ পৰা বৰঝাৰত উপস্থিত হৈ হয় কেন্দ্ৰীয় মন্ত্ৰীজন৷ SIPRDৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় বিষয়াসকলৰ লগত বৈঠকত মিলিত হয় কুলাস্তে৷ এই বৈঠকত কেন্দ্ৰীয়ভাৱে দিয়া অনুদানৰ খতিয়ান লয় মন্ত্ৰীজনে৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যমন্ত্ৰী ফগ্গন সিং কুলাস্তেই৷

Leave A Reply

Your email address will not be published.