danewsplus.com
danewsplus.com

ভাৰত চৰকাৰে উপহাৰ দিয়া আফগানিস্তানৰ সংসদ ভৱনত তালিবানৰ দল

0 203

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ সংসদ ভৱনত তালিবানৰ দল৷ কাবুল দখলৰ পিছত এই সংসদ ভৱনত প্ৰৱেশ কৰিলে তালিবানৰ দলে৷ ৬ বছৰ পূৰ্বে এই সংসদ ভৱনটো নিৰ্মাণ কৰি আফগান চৰকাৰক উপহাৰ দিছিল ভাৰতে৷ সেই অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী মোদী৷ এতিয়া সেই সংসদ ভৱন তালিবানৰ দখলত৷

আন্তঃৰাষ্ট্ৰীয় মহলে বৰ্তমান চকু ৰাখিছে আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত৷ ভাৰতে স্বীকৃতি নিদিয়ে তালিবান চৰকাৰক৷ ইফালে, মাৰ্কিন প্ৰশাসনে ঘোষণা কৰিছে যে নাৰী অধিকাৰ সুৰক্ষিত কৰাৰ লগতে আল-কায়দাৰ দৰে আন আন সন্ত্ৰাসবাদীক আশ্ৰয় নিদিলে তালিবান চৰকাৰক স্বীকৃতি দিয়া হ’ব৷

Leave A Reply

Your email address will not be published.