danewsplus.com
danewsplus.com

স্ব-গৃহত লৌহকন্যা, বৰপথাৰবাসীয়ে অধিৰ আগ্ৰহেৰে বাট চাইছে লাভলীনাক আদৰিবলৈ

0 597

ডিজিটেল সংবাদ, সৰুপথাৰঃ আজি স্ব-গৃহলৈ আহিব লৌহকন্যা লাভলীনা৷ দিল্লীৰ পৰা বিয়লি ২ বাজি ১০ মিনিটত ডিমাপুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিচত পোনে পোনে বৰপথাৰলৈ ৰাওনা হ’ব লাভলীনা৷ লাভলীনাক বিমানবন্দৰত গোলাঘাট জিলা প্ৰশাসন আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে আদৰণি জনাব৷

ইয়াৰ পিছতে গোলাঘাট জিলা প্ৰশাসন আৰু ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বৰপথাৰ হাইস্কুল খেলপথাৰত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হ’ব লাভলীনাক৷ সম্বৰ্ধনা অনুষ্ঠানৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে মণ্ডপ৷ সমান্তৰালভাৱে লাভলীনাৰ বাসগৃহতো চলিছে নানা আয়োজন৷ পৰিয়ালৰ লোকে লাভলীনাক লগ পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে৷

ইফালে স্বৃগৃহলৈ অহাৰ প্ৰাকক্ষণত লাভলীনা বৰগোঁহায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে চাহমেলতো অংশ লয়। অসম কন্যাগৰাকীৰ সফলতাক লৈ সকলো লোকে আনন্দ প্ৰকাশ কৰিছে। তেওঁক এবাৰ লগ পাবলৈ সকলোৱে অধিক আগ্ৰহেৰে বাট চাই আছে।

Leave A Reply

Your email address will not be published.