danewsplus.com
danewsplus.com

পাহোৱাল ডেকাৰ তেজৰ ফাকু আৰু নাচাওঃ খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 152

ডিজিটেল ডেস্কঃ খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয়। পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমবাসী ৰাইজক অভিনন্দন মুখ্যমন্ত্ৰী শৰ্মাৰ। মহাত্মা গান্ধীৰ লগতে ৰাজ্যৰ মুক্তি যুঁজাৰুসকলকো স্মৰণ।

ছহিদ মুক্তিযোদ্ধা, বীৰ-বীৰাংগনাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শৰ্মাই। ড০ বি এম আম্বেদকাৰকো স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। স্বাধীনতা সংগ্ৰামত ৰাজ্যৰ মুক্তিযোদ্ধাসকলৰ অৰিহণাক স্মৰণ। ‘ৰাজ্যৰ মুক্তিযোদ্ধাসকলে দৰ্শনৰ মাজেৰে পৰিচালিতৰ চেষ্টা কৰিছিল। অসমক ভাৰতৰ ভিতৰত বিকশিত ৰাজ্য ৰূপে গঢ়ি তোলা হ’ব।’

আলফা স্বাধীনক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰেশ বৰুৱাক মূলসুঁতিলৈ উভতি অহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। অলিম্পিক পদক জয়ী লাভলীনা বৰগোহাঁইক ধন্যবাদ। লাইলাপুৰৰ ৬ ছহিদ আৰক্ষীলৈয়ো শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

‘পাহোৱাল ডেকাৰ তেজৰ ফাকু আৰু নাচাও।’ মুখ্যমন্ত্ৰীৰ ভাষণত গো-সুৰক্ষা আইন প্ৰসংগ। দোহাৰিলে ১ লাখ চাকৰি, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ কথা। এসপ্তাহতে ডেৰকোটি ভেকচিন দিবলৈ সক্ষম হ’ম। ১ লাখ চাকৰি, মাইক্ৰ’ফাইনেন্স অন্তৰৰ প্ৰতিশ্ৰুতি, মনত আছে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰায় ১৫০ কোটি টকা অনুদান আগবঢ়াইছে।’

নাৰী সৰবৰাহ ৰোধ সন্দৰ্ভতো উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। ‘প্ৰায় ১৫০গৰাকী শিশু-নাৰীক সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ।’ পাটবাউসী সত্ৰক নতুন ৰূপ দিয়াৰ সংকল্প মুখ্যমন্ত্ৰীৰ। অপৰাধমুক্ত অসম গঢ়াৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম আৰক্ষী আধুনিকীকৰণৰ কথাও উল্লেখ ভাষণত।

‘৫খন মেডিকেল কলেজৰে অসমক নতুন মাত্ৰা।’দেশৰ ৫খন ৰাজ্যৰ ভিতৰত অসমক স্থান দিয়াৰ লক্ষ্য। পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত নাৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। পিতৃ-মাতৃক সেৱা কৰিবলৈ চৰকাৰী কৰ্মচাৰীক ৭ দিনৰ ছুটী। সকলো কাৰ্যালয়তে ৭৫টা গছপুলি ৰোপণৰ আহ্বান। ছোৱালীৰ ২১ বছৰ হোৱাৰ পূৰ্বে বিয়া নিদিবলৈ আহ্বান।

চৰকাৰী কৰ্মচাৰীক ১ ঘণ্টা বেছিকৈ কাম কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। ড্ৰাগছমুক্ত অসম গঢ়াৰ সংকল্প মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ প্ৰতিগৰাকী মুক্তিযুঁজাৰুলৈ ৩৬ হাজাৰ টকাৰ পেন্সন ঘোষণা।

Leave A Reply

Your email address will not be published.