danewsplus.com
danewsplus.com

চৰাইদেউৰ সাপেখাতীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

0 208

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউৰ সাপেখাতীত শিক্ষাৰ্থীৰ প্ৰতিবাদ৷ বিদ্যালয়ত পাঠদান পুনৰ আৰম্ভ কৰাৰ দাবীত হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰিলে শিক্ষাৰ্থীয়ে৷ ক’ভিড পৰিস্থিতিৰ বাৱে বিগত কেইবামাহো ধৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে৷

ৰাজ্য চৰকাৰে শেহতীয়াকৈ অনলাইন শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যদিও গ্ৰামাঞ্চলৰ একাংশ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে মোবাইলৰ অভাৱত অনলাইন শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে শনিবাৰে চৰাইদেউ শিক্ষা সংস্কৃতি সমাজৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানসমূহৰ পৰা তলাবন্ধ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে৷

Leave A Reply

Your email address will not be published.