danewsplus.com
danewsplus.com

অনলাইন ছেক্স ৰেকেটে চানি ধৰিছে অসম

0 301

ডিজিটেল ডেস্কঃ অনলাইন ছেক্স ৰেকেটৰ লগত জড়িতৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ক্ৰাইম ব্ৰান্সে৷ টুইটাৰৰ জৰিয়তে দেহ ব্যৱসায়ৰ পোহাৰ মেলা এজনৰ পাছত আনজন পৰিছে জালত৷ এইবাৰ ক্ৰাইম ব্ৰান্সৰ জালত পৰিল অসমত এই বেহা চলোৱা অন্যতম এক সদস্য৷

টুইটাৰত দিয়া নম্বৰৰ ভিত্তিত মঙলবাৰে ক্ৰাইম ব্ৰান্স গ্ৰেপ্তাৰ কৰিছিল পাণবজাৰৰ হোটেল মিনাৰ্ভাৰ মেনেজাৰ নয়নমনি পাটোৱাৰীক৷ নয়মণিৰ স্বীকাৰোক্তৰ ভিত্তিত ক্ৰাইম ব্ৰান্সে বিহাৰৰ লক্ষীচৰাই জিলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই চক্ৰৰ আন এক অভিযুক্তক৷ ইতিমধ্যে গুৱাহাটীলৈ ক্ৰাইম ব্ৰান্স লৈ আহিছে চেক্স ৰেকেট চক্ৰৰে জড়িত লোকজনক৷

ইফালে মুকুল ভৰদ্বাজ নামৰ এজনে এই চক্ৰৰ নেতৃত্ব দিয়ে বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ধৃত নয়নমণিয়ে৷ আৰক্ষীৰ মুকুল ভৰদ্বাজৰ পত্নীক গুৱাহাটীৰ পাথৰকুৱেৰীৰ পৰা গ্ৰেপ্তাৰ কৰে যদিও বৰ্তমানলৈকে জালত পৰা নাই মুকুল ভৰদ্বাজ৷ আৰক্ষীৰ তদন্ত পোহৰলৈ আহিছে যে পলাতক মুকুল ভৰদ্বাজে গুৱাহাটী, দিল্লী, মহাৰাষ্ট্ৰ আৰু বিহাৰতো অনলাইনৰ জৰিয়তে দেহ ব্যৱসায় চলাই আহিছে৷

Leave A Reply

Your email address will not be published.