danewsplus.com
danewsplus.com

প্ৰচণ্ড গৰমৰ দিনত ক’ত উদ্ধাৰ হ’ল বস্তাই বস্তাই কম্বল?

0 195

গোলাঘাটত এতিয়া উদ্ধাৰ হৈছে বস্তাই বস্তাই কম্বল ৷ জিলাখনৰ কাবৰুগাঁও, আহোমগাঁও আৰু কছাৰীহাটত উদ্ধাৰ হৈছে এই কম্বল ৷ এই প্ৰচণ্ড গৰমৰ দিনত ক’ৰ পৰা আহিল এই কম্বল সেই লৈ এতিয়া সৃষ্টি হৈছে প্ৰশ্নৰ ৷ কছাৰীহাটৰ ববী আলী নামৰ এজন লোকে এই কম্বলবোৰ আনি জমা কৰা বুলি জানিব পৰা গৈছে ৷

কিন্তু এই লোকজনক এতিয়াও বিচাৰি পোৱা নাই আৰক্ষীয়ে ৷ গুৱাহাটীৰ দিছপুৰ থানাত পঞ্জীয়ন হোৱা এটা গোচৰৰ ভিত্তিত থানাখনৰ আৰক্ষীৰ এটা দলে কম্বলসমূহ ইতিমধ্যে লৈ আনিছে দিছপুৰলৈ ৷ এই কম্বলসমূহ কোনো চৰকাৰী আঁচনিৰ নে জালিয়াতি-প্ৰবঞ্চনাৰে চুৰি কৰা সেই কথা জানিব পৰা হোৱা নাই ৷

Leave A Reply

Your email address will not be published.