danewsplus.com
danewsplus.com

ব্যতিক্ৰমী প্ৰক্ৰিয়াৰে লাভলীনালৈ শুভেচ্ছা মৃৎ শিল্পী পাৰ্থপ্ৰতিম বৰুৱাৰ

0 180

ডিজিটেল সংবাদ, নগাঁও: সদ্য অনুষ্ঠিত ট’কিঅ অলিম্পকত পদক প্ৰাপ্তিৰে যুগ যুগান্তৰৰ বাবে ইতিহাসৰ পাত জিলিকাই তুলি দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ প্ৰথম গৰাকী খেলুৱৈ গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোহাঁইক অজস্ৰজনে এতিয়া প্ৰশংসা তথা শুভেচ্ছাৰে উপচাই পেলাইছে। তাৰ মাজতে নগাঁৱৰ পুৰণিগুদামৰ মৃৎ শিল্পী পাৰ্থপ্ৰতিম বৰুৱাইও অসমকন্যা লাভলীনাক ব্যতিক্ৰমী প্ৰক্ৰিয়াৰে জনালে শুভেচ্ছা।

লাভলীনাৰ সাফল্যত উৎফুল্লিত হৈ তেওঁক শুভেচ্ছা জনাবৰ বাবে শিল্পী পাৰ্থপ্ৰতিমে কেঁচা মাটিৰেই আকাশমাৰ্গতে নিৰ্মাণ কৰিলে এক বিশেষ প্ৰতীকী মূৰ্ত্তি। অসম তথা দেশৰ সন্মান ৰক্ষা কৰি ট’কিঅ অলিম্পিকত পদক আঁজুৰি আনিবলৈ সক্ষম হোৱাত গোলাঘাটৰ জীয়ৰী লাভলীনা বৰগোহাঁইলৈ আকাশমাৰ্গতে এই বিশেষ প্ৰতীকী মূৰ্ত্তিটো নিৰ্মাণ কৰিছে বুলি জানিবলৈ দিয়ে পুৰণিগুদামৰ মৃৎ শিল্পী পাৰ্থ প্ৰতিম বৰুৱাই৷

প্ৰতীকী মূৰ্ত্তিটোত খোদিত কৰা হৈছে বিহুৱানৰ লগতে দেশৰ ৰাষ্ট্ৰীয় পতকাখনো৷ বিশেষ বিমান যোগে গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হোৱা সময়ত পাৰ্থপ্ৰতিম বৰুৱাই নিৰ্মান কৰে এই প্ৰতীকি মূৰ্ত্তি। অৱশ্যে ট’কিঅ অলিম্পিকৰ পৰা ঘূৰি অহাৰ পিছতহে নতুন দিল্লীত লাভলীনা বৰগোহাঁইক সাক্ষাৎ কৰি এই প্ৰতিকী মূৰ্ত্তি প্ৰদান কৰিব শিল্পী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.