danewsplus.com
danewsplus.com

হোজাইত সংঘটিত হৈছে এক আচৰিত ঘটনা! শক্তি বিভাগে প্ৰদৰ্শন কৰিছে শক্তি

0 290

ডিজিটেল সংবাদ, হোজাই: হোজাইত সংঘটিত হৈছে এক আচৰিত ঘটনা। এই ঘটনাই আপোনাৰো চকু কপালত তুলিব। কিন্তু এয়াই যেন সত্য ঘটনা। এইবাৰ শক্তি বিভাগে শক্তি প্ৰদৰ্শন কৰিছে হোজাইত। হোজাইৰ বিদ্যুৎ বিভাগৰ গ্ৰাহকক দিয়া বিল দেখি আচৰিত সকলো। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এই কেইখন বিল দেখিলে আপোনাৰো চকু কপালত উঠিব।
হোজাই বিদ্যুৎ বিভাগত ঘটিছে এই আজব কাণ্ড।

হোজাইৰ উদয়পুৰ গাঁৱৰ এজনৰ বিদ্যুৎ বিল ১৪৪৭৪২৭ টকা। অন্যহাতে গাঁৱৰ কেইবাজনৰ বিল ৫০ হাজাৰৰ ওপৰত।
এই বিল দেখি হতভম্ব হৈ পৰিছে গাঁওবাসী। অৱশ্যে এনে বিলৰ বিষয়ে কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰাৰ কথা সদৰি কৰে গ্ৰাহকসকলে।

Leave A Reply

Your email address will not be published.