danewsplus.com
danewsplus.com

দিল্লীৰ কৃষক আন্দোলনত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি দল

0 145

ডিজিটেল সংবাদ, গুৱাহাটী: নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদত গৃহীত কৰা তিনিখনকৈ অসংবিধানিক কৃষি আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ। কৃষি সামগ্ৰীৰ নূন্যতম মূল্য নাইকিয়া কৰা, অত্যাৱশ্যকীয় সমগ্ৰীৰ সূচীৰ পৰা চাউল, ডাইল, মিঠাতেল আদি সামগ্ৰী নাইকিয়া কৰা, কৃষি সামগ্ৰীৰ কিনা-বেচাৰ বাবে মণ্ডি ব্যৱস্থা নোহোৱা কৰা আদি কেইবাটাও বিষয়ত কৃষি আইন তিনিখনে কৃষক সকলক মাধমাৰ সোধাই পুঁজিপতিসকলকহে সহায় কৰিব সেয়া জলজল পটপট ভাবে স্পষ্ট হৈ পৰিছে।

এতিয়ালৈ ৫৪ জনকৈ কৃষকে আন্দোলনত নিজৰ প্ৰাণ হেৰুৱাৰ পিছতো চৰকাৰে কৃষক আন্দোলনকাৰী সকলকৰ সমস্যা সমাধান কৰাৰ বাবে কোনো সদিচ্ছা প্ৰকাশ কৰা নাই। সোমবাৰে এক প্ৰেছ বিবৃতিযোগে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে জানিবলৈ দিয়ে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰৰ প্ৰতিনিধিত্বত পাঁচ জনীয়া দল এটাই দিল্লীৰ কৃষক আন্দোলনকাৰী সকলৰ ওচৰত উপস্থিত হয়। দলটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি দেবেন শৰ্মা, বঙাইগাঁও জিলাৰ সভাপতি মুহিধৰ ৰায়, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল কলিতা ,প্ৰচাৰ সম্পাদক কাশ্যপ নন্দন কলিতাই পোন প্ৰথমে দিল্লী আৰু হাৰিয়ানা তিক্ৰি সীমান্তত উপস্থিত হৈ বিভিন্ন কৃষক সংগঠনৰ প্ৰতিনিধি সকলৰ লগত আলোচনাত মিলিত হয়।

প্ৰতিনিধি দলটোই এখন ৰাজহুৱা সভাত উপস্থিত হৈ কৃষক মুক্তিৰ উপ-সভাপতি দেবেন শৰ্মাই কৃষক সকলৰ আন্দোলনক সমৰ্থন জনাই অসমৰ পৰা কৃষক মুক্তিৰ সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। কেৱল পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ ক্ষেত্ৰতে কৃষি সামগ্ৰীৰ নূন্যতম মূল্য দিয়াৰ লগতে অসমৰ ক্ষেত্ৰতো একেটাই ব্যৱস্থা কৰিবলৈ কৃষক আন্দোলনৰ মাধ্যমৰে চৰকাৰৰ ওচৰত দাবী জনায়। তাৰ পিছতে প্ৰতিনিধি দলটোই পশ্চিম উত্তৰ প্ৰদেশ আৰু দিল্লীৰ গাজীপুৰ সীমান্তৰ কৃষক প্ৰতিনিধি সকলৰ লগত আলোচনাত বহে।

গাজীপুৰ সীমান্তৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল কলিতাই কৃষক সকলক সম্বোধন কৰি কৃষি আইন তিনিখন বাতিল নোহোৱা পৰ্যন্ত কৃষক সকলৰ লগত সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। কৃষি আইনে কেৱল খেতিয়ক সকলকে নহয় মজদূৰ, বজাৰ ব্যৱস্থাৰ লগত জড়িত ব্যৱসায়ী সকলো প্ৰভাৱান্বিত হোৱাৰ লগতে কৃষিখণ্ড পুঁজিপতিৰ হাতত যোৱাৰ লগে লগে অত্যাধিক মূল্যবৃদ্ধি ঘটিব। উল্লেখযোগ্য যে প্ৰতিনিধি দলটোই ৩ আগষ্টত দিল্লীৰ যন্তৰ-মন্তৰত অব্যাহত থকা কৃষক সংসদত ভাগ লৈ অসমক প্ৰতিনিধিত্ব কৰিব।

Leave A Reply

Your email address will not be published.