danewsplus.com
danewsplus.com

ওদালগুৰিত বন বিভাগৰ দুৰৱস্থা, গাড়ীৰ হেডলাইট ভগা, নজ্বলে ইণ্ডিকেটৰ

0 256

ডিজিটেল সংবাদ, ওদালগুৰিঃ বন বিভাগ, অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ৷ কিন্তু এই বিয়াগোম বিভাগটোৰ কৰ্মচাৰীসকলক কি সুবিধা দিছে চৰকাৰে? বন বিভাগৰ কৰ্মচাৰীয়ে কৰ্তব্যৰ সময়ত ব্যৱহাৰ কৰা গাড়ীৰ অৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰ৷ গাড়ীৰ হেডলাইট ভগা, নজ্বলে ইণ্ডিকেটৰ৷ মেৰামতি হোৱা নাই৷

সেয়ে গুনা তাঁৰেৰে বান্ধি ৰখা হৈছে হেডলাইট, গাড়ীৰ দৰ্জা৷ এবাৰ-দুবাৰত ষ্টাৰ্ট নহয়৷ ঠেলা মাৰি ষ্টাৰ্ট কৰিব লাগে গাড়ী৷ ভগা-ছিগা গাড়ীবোৰ যোৰা-টাপলি মাৰি কোনোমতে ব্যৱহাৰ কৰিবলগা হৈছে এইসকল বনকৰ্মীয়ে৷ তথাপিওঁ কিন্তু কষ্ট, দুৰ্দশাৰ মাজেৰে নিজৰ কৰ্তব্য পালন কৰি গৈছে বন সুৰক্ষা কৰ্মী সকলে৷

ওদালগুৰি জিলাৰ শান্তিপুৰ, পানেৰী, ননৈ ৰেঞ্জত বন সুৰক্ষা কৰ্মীয়ে এনেদৰে পালন কৰিবলগীয়া হৈছে কৰ্তব্য৷ এনে অৱস্থাত হস্তী-মানুহৰ সংঘাতৰ সময়ত ঘটনাস্থলীত পলমকৈ উপস্থিত হ’লেই উত্তেজিত ৰাইজৰ ৰোষত পৰিবলগীয়া হয় বনকৰ্মীসকল৷ শীঘ্ৰে বিভাগীয় মন্ত্ৰীয়ে বিভাগটোৰ দুৰ্দশাৰ বুজ লৈ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বনকৰ্মীসকলে৷

Leave A Reply

Your email address will not be published.