danewsplus.com
danewsplus.com

মহাপুৰুষ দুজনাৰ সৃষ্টিক বিকৃত ৰূপত উপস্থাপন কৰা ৰঞ্জন চুতীয়াক আটক

0 306

ডিএ নিউজ প্লাছত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত বাতৰিৰ পিছতেই আটক হ’ল মহাপুৰুষ দুজনাৰ সৃষ্টিক বিকৃত ৰূপত উপস্থাপন কৰা এজন লোক৷ মহাপুৰুষ দুজনাৰ বাণীৰে যীশুখ্ৰীষ্টৰ ধৰ্ম প্ৰচাৰৰ অভিযোগ ৰঞ্জন চুতীয়া নামৰ লোকজনৰ বিৰুদ্ধে৷ বিভিন্ন ঠাইত ৰঞ্জন চুতীয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে মৰাণৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৰঞ্জন চুতীয়াক৷

ভাৰতীয় দণ্ডবিধি আইনৰ ১৫৩(এ)/২৯৫IPCৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় ভণ্ড ধৰ্ম প্ৰচাৰকজনক৷ ইফালে, লোকজনক গ্ৰেপ্তাৰৰ পিছত সদৰ থানাত ন্যায়িক জিম্মাৰ পূৰ্বে ক’ভিড পৰীক্ষা কৰাত ধৰা পৰে ক’ভিড পজিটিভ৷ তাৰ পিছতেই তেওঁৰ লগত ধৰ্ম চৰ্চাত অংশগ্ৰহণ কৰা ভক্তসকলৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিৱেশ৷

Leave A Reply

Your email address will not be published.