danewsplus.com
danewsplus.com

আৰক্ষী চকী আছে কিন্তু নাই আৰক্ষী.. এইখন অসমৰে এখন পৰিত্যক্ত আৰক্ষী চকী

0 142

ডিজিটেল সংবাদ, ৰূপহীহাট: ভূত বাংলালৈ পৰিণত এইখন ৰাজ্যৰে এখন আৰক্ষী চকী। পৰিত্যক্ত আৰক্ষী চকীখনে উদঙাইছে গৃহ বিভাগৰ প্ৰকৃত স্বৰূপ। আৰক্ষী চকী আছে কিন্তু নাই আৰক্ষী। হয়, ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত এখন বিশেষ আৰক্ষী চকী ক্ৰমাৎ যেন পৰ্যবেসিত কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী চকী ভূত বাংলালৈ।

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক আধুনিকীকৰণ কৰাৰ বাবে বিশেষভাৱে চৰ্চিত হৈছে তেনে সময়তে ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত এখন বিশেষ আৰক্ষী চকীয়ে দেখুৱাইছে গৃহ বিভাগৰ প্ৰকৃত স্বৰূপ। এই আৰক্ষী চকী ১৯৮৩ চনতে স্থাপন কৰা হৈছিল। ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত হালোৱাগাঁৱত থকা এই নামপানী আৰক্ষী চকীখনে বৰ্তমানেও আৰক্ষীৰ ফোপোলা স্বৰূপটোহে উদঙাইছে। কিয়নো আৰক্ষী চকী আছে, কিন্তু নাই আৰক্ষী চকীখন তদাৰক কৰিবলৈহে এজনো আৰক্ষী। কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী চকীখনৰ বৃহৎ কংক্ৰিট ঘৰটোৱে মাত্ৰ আৰক্ষী চকীখনৰ ৩৮ বছৰীয়া সাক্ষী হৈ ৰৈ আছে। ইয়াৰ বাহিৰে আৰক্ষী চকীখনত নাই এখন নাম ফলকো।

উল্লেখযোগ্য যে, ১৯৮৩ চনৰ পৰা ১৯৯৪ চনলৈকে আৰক্ষী চকীখন সক্ৰিয় ভাবেই চলি আছিল। কিন্তু এঘাৰটা বছৰ সক্ৰিয় ভাবে চলাৰ পিছত হঠাৎ যেন নিস্ক্ৰিয় হৈ পৰে। বৰ্তমান আৰক্ষী চকীখনত দুজনকৈ কনিষ্টবল নিয়োজিত হৈ আছে যদিও আজিকোপতি দেখা নাই অঞ্চলবাসীয়ে। যাৰ ফলস্বৰূপে নতুনকৈ নিৰ্মাণ কৰা গৃহটো ভূত বাংলালৈহে পৰ্যবেসিত হৈছে। চামগুৰি সমষ্টিৰ সীমাতে লাগি থকা ৰূপহীহাট সমষ্টিৰ হালোৱাগাঁৱৰ স্থানীয় লোকসকলে আৰক্ষী চকীখনত আৰক্ষী নথকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰক্ষী চকীখনৰ এনে দুৰৱস্থা দৃষ্টিগোচৰ হ’বনে আৰক্ষী অধীক্ষকৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? সেয়া সময়েহে ক’ব।

Leave A Reply

Your email address will not be published.