danewsplus.com
danewsplus.com

হোজাইত উচ্ছেদিত সকলৰ কৃষি ভূমি এমাহৰ ভিতৰত মুকলি কৰাৰ সময়সীমা নিৰ্ধাৰণ মন্ত্ৰী পিয়ুয হাজৰিকাৰ

0 141

ডিজিটেল সংবাদ, হোজাই: হোজাই জিলাৰ লংকাত শনিবাৰে উপস্থিত হয় মন্ত্ৰী পিয়ুয হাজৰিকা। কাকী তিনি হাজাৰ বিঘা তাৰালাংচুৰ ৰবৰ বাগানৰ উচ্ছেদিত অঞ্চলবাসীৰ খবৰ ল’বলৈ উপস্থিত হয় মন্ত্ৰীগৰাকী। চৰকাৰী ভূমিত থকা ৰবৰ বাগানৰ উচ্ছেদিত অঞ্চলত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বাগানখন পৰিদৰ্শন কৰাৰ লগতে উক্ত ভূমিত থকা উচ্ছেদিত সকলৰ কৃষি ভূমি এমাহৰ ভিতৰত মুকলি কৰাৰ সময়সীমা বান্ধি দিয়ে।

প্ৰথমে এসপ্তাহৰ সময় দিছিল যদিও লোকসকলক কৃষি সামৰিবলৈ সময় দিয়াৰ স্বাৰ্থত এমাহৰ সময় ধাৰ্য কৰে। লগতে চৰকাৰী ভূমিৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই প্ৰদান কৰা নহ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। প্ৰয়োজনত পুনৰ উচ্ছেদ চলোৱা হ’ব বুলিও হুংকাৰ দিয়ে মন্ত্ৰীগৰাকীয়ে। এইক্ষেত্ৰত হোজাই জিলাৰ উপায়ুক্তক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই।

উল্লেখ্য যে, ১৯৯৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰৰ দিনত কাকী তিনিহাজাৰ বিঘাৰ ২৭৫ বিঘা ভূমিত ভূমি সংৰক্ষণ বিভাগৰ অধীনত ৰবৰ বাগান গঢ়ি তোলা হৈছিল। কিন্তু বিগত কেবা বছৰ মানৰ পৰা বাগানৰ ভূমিত একাংশ বেদখলকাৰীয়ে ঘৰ-দুৱাৰ নিৰ্মাণৰ লগতে কৃষি কৰ্মও কৰিছিল। এনে পৰিস্থিতিত বিগত মাহৰ ৬ তাৰিখে উক্ত ভূমিত হোজাই জিলা প্ৰশাসনে উচ্ছেদ চলাই মুকলি কৰিচিল বাগানখনৰ ভূমি।

ইপিনে,উচ্ছেদিত এগৰাকী মহিলাই মাটি কিনাৰ কাগজ-পত্ৰ আছে বুলি দাবী কৰি মানৱতাৰ স্বাৰ্থত বসবাস কৰিবলৈ ঠাই দিবলৈ মন্ত্ৰীগৰাকীক কাতৰ অনুৰোধ জনায়।

Leave A Reply

Your email address will not be published.