danewsplus.com
danewsplus.com

আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ ফলাৰ অভিযোগ! গোৱালপাৰাত তীব্ৰ প্ৰতিবাদ

0 143

ডিজিটেল সংবাদ, সোণতলিঃ ৰাজ্যজুৰি অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে শনিবাৰে গোৱালপাৰা জিলাৰ শিমলাবাৰীত একাংশ লোকে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰিছে একাধিক গুৰুতৰ অভিযোগ। ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়া ২৪ অপৰাধীক এৰি দিয়াৰ লগতে থানাৰ ভিতৰতে ভুক্তভোগীৰ এজাহাৰ ফালি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

ৰাইজৰ অভিযোগ অনুসৰি, ২২ জুলাইত গৰৈমাৰীৰ পৰা প্ৰায় ৩৫-৪০ জনীয়া এটা দুৰ্বৃত্তৰ দল হাতে হাতে লাঠি জোং লৈ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত শিমলুবাৰী গাঁbৰ অইব আলী নামৰ এগৰাকী লোকৰ ঘৰত তাণ্ডৱ চলোৱাৰ লগতে তেওঁক হত্যাৰ উদ্দেশ্য খেদি খেদি লৈ যায়। দুৰ্বৃত্তৰ দলটোৰ এনে তাণ্ডৱত অতিষ্ট হৈ স্থানীয় একাংশ লোকে দুৰ্বৃত্তৰ দলটোৰ ২৪ গৰাকীক কৰায়ত্ব কৰি ধূপধৰা আৰক্ষীক গতাই দিয়ে। ৰাইজে কৰায়ত্ব কৰি গতাই দিয়া ২৪ গৰাকী অভিযুক্তকে ৰহস্যজনকভাৱে এৰি দিয়াক লৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে।

অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি ৰাইজে ধূপধৰা আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত সাপেক্ষ্যে ধূপধৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে স্থানীয় ৰাইজে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক নীতি শিক্ষা দিয়াৰ পাছতো ধূপধৰা আৰক্ষীয়ে কৰা এনে কৰ্ম কাণ্ড কিমান যুক্তিসংগত? এনে আৰক্ষীৰ বিৰুদ্ধে শীৰ্ষ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে?

Leave A Reply

Your email address will not be published.