danewsplus.com
danewsplus.com

শনিবাৰে উত্তৰ-পূবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

0 155

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ মেঘালয় আৰু অসমত অংশ ল’ব কেইবাটাও কাৰ্যসূচীত৷ দিনৰ ১২.৪০ বজাত গৃহমন্ত্ৰীগৰাকীয়ে মেঘালয়ত প্ৰথমটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, মেঘালয়ত উদ্বোধন কৰিব NESACৰ কনফাৰেন্স চেণ্টাৰ।

একেদৰে বিয়লি ৩ বজাত উদ্বোধন কৰিব মাৱিঙৰ ISBT। বিয়লি ৪.২০ বজাত উমছাউলিত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উমছাউলিত উদ্বোধন কৰিব অক্সিজেন প্লাণ্ট আৰু শিশু ৱাৰ্ড।

দেওবাৰে পুৱা ১০.২০ বজাত বাহছাৰীত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অংশ ল’ব আছাম ৰাইফলছৰ গছপুলি ৰোপণ কাৰ্যসূচীত।১০.৪৫ বজাত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিত অৰ্পণ কৰিব পুষ্পাঞ্জলি। দিনৰ ১১ বজাত ছোহৰাত ভাগ ল’ব দ্বিতীয়টো অনুষ্ঠানত।

অমিত শ্বাহে উদ্বোধন কৰিব ছোহৰা পানীযোগান আঁচনি। দেওবাৰে বিয়লি গুৱাহাটীত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অনুষ্ঠান। বিয়লি ৪.৫০ বজাত GMCHৰ কেন্সাৰ হাস্পতালত অনুষ্ঠান। বিয়লা ৫.৩০ বজাত অংশ ল’ব শংকৰদেৱ কলাক্ষেত্ৰত কাৰ্যসূচীত।

Leave A Reply

Your email address will not be published.