danewsplus.com
danewsplus.com

ৰাজপথত আৰক্ষী-CRPF জোৱান,কিন্তু কিয় ?

0 82

ক’ভিড প্ৰট’কল সম্পৰ্কে সজাগতা আনিবলৈ ৰাজপথলৈ ওলাই আহিল আৰক্ষী আৰু CRPFৰ জোৱান। কৰিমগঞ্জৰ জনতাক সজাগ কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে। আৰক্ষী অধীক্ষক পদ্মনাভন বৰুৱাৰ নেতৃত্বত অসম আৰক্ষীয়ে ৰাইজক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে এক পদযাত্ৰা উলিয়ায়। ক’ভিড প্ৰট’কল মানি চলিবলৈ সতৰ্ক কৰি দিয়ে আৰক্ষীয়ে।

ইফালে, বোকাখাত আৰু গোলাঘাটৰ পাছত আজি সৰুপথাৰতো গোলাঘাট জিলা আৰক্ষী অধীক্ষক ডা০ ৰবীন কুমাৰৰ নেতৃত্বত চি আৰ পি এফ আৰু সৰুপথাৰ আৰক্ষীয়ে পদযাত্ৰা কৰে। সৰুপথাৰ নগৰৰ মাজমজিয়াত কভিড সংক্ৰমণ ৰোধৰ বাবে সজাগতা সৃষ্টি কৰিছে। ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া, সৰুপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ চি আৰ পি এফৰ বহুকেইটা বেটেলিয়েনে অংশগ্ৰহণ কৰি ৰাইজক কভিড সজাগতা সৃষ্টি কৰে।

Leave A Reply

Your email address will not be published.