danewsplus.com
danewsplus.com

নাওবৈচাত PMAY আচঁনিত ব্যাপক দুৰ্নীতি

0 105

ডিজিটেল সংবাদ, নাওবৈচা: নাওবৈচাত PMAY আচঁনিত ব্যাপক দুৰ্নীতি। ৱাৰ্ড সদস্যই দাবী কৰা ধন নাপালে নিদিয়ে PMAY আচঁনিৰ ঘৰ। তাৰ বিপৰীতে অযোগ্য ব্যক্তিৰ পৰা ধন লৈ ঘৰ দিয়াৰ অভিযোগ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে। তাৰোপৰি, পূৰ্বে PMAY আচঁনিৰ ঘৰ পোৱা ব্যক্তিয়ে পুনৰ পাইছে ঘৰ। এই দুৰ্নীতি সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাওবৈচাত।

উল্লেখ্য যে, লখিমপুৰ জিলাৰ পশ্চিম নাওবৈচা গাওঁ পঞ্চায়তৰ অধীনত থকা দক্ষিণ বালিজান গাঁৱৰ ১০ নং ৱাৰ্ডৰ কংগ্রেছৰ সদস্য হেদায়তুল ইছলামৰ বিৰুদ্ধে উঠিছে এই গুৰুত্বৰ অভিযোগ। জানিব পৰা মতে, এই গাওঁখনৰ স্থায়ী বাসিন্দা শ্বহিদুল ইছলামৰ নামত আহিছিল PMAY আচঁনিৰ অধীনত এটা ঘৰ আৰু এই ঘৰ দিয়াৰ বাবদ কংগ্রেছৰ ৱাৰ্ড সদস্য হেদায়তুল ইছলামে শ্বহিদুল ইছলামৰ পৰা দাবী কৰিছিল ছয় হাজাৰ টকা। কিন্তু শ্বহিদুল ইছলামে চৰকাৰে দিয়া এই ঘৰ লোৱাৰ বাবে ৱাৰ্ড সদস্যই দাবী কৰা ধন নিদিয়াৰ বাবে এতিয়া ঘৰ পোৱাৰ পৰা বঞ্চিত হৈ আছে। যাৰ বাবে ভুক্তভোগী শ্বহিদুল ইছলামে সংবাদ মাধ্যমৰ জৰিয়তে জিলা প্ৰশাসনক ইয়াৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.