danewsplus.com
danewsplus.com

বিশ্বনাথৰ চতিয়াত দুৰ্ভাগ্যজনক ঘটনা

0 105

২৪ ঘণ্টাত ৪গৰাকীৰ সলিল সমাধি! বিশ্বনাথৰ চতিয়াত সংঘটিত হৈছে এই ঘটনা৷ বুধবাৰে চতিয়াৰ পটিয়া গাৱঁৰ এটা পুখুৰীত গা ধুবলৈ গৈ গাঁওখনৰে ২ যুৱকৰ সলিল সমাধি ঘটাৰ পিছত বৃহস্পতিবাৰে তাঁতীপাৰাতৰ ২যুৱতী উটি যায় মৰণৈ নৈৰ সোঁতত৷

উটি যোৱা যুৱতী দুগৰাকীৰ নাম মামনী বেগম আৰু চুনুমাই বেগম বুলি জানিব পৰা গৈছে৷ স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও যুৱতী দুগৰাকীৰ সন্ধান এই পৰ্যন্ত পোৱা নাই৷ আনহাতে NDRFৰ দল এইপৰ্যন্ত ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷

Leave A Reply

Your email address will not be published.