danewsplus.com
danewsplus.com

অৱশেষত দোষমুক্ত হ’ল বিধায়ক অখিল গগৈ

0 79

অৱশেষত,শিৱসাগৰৰ বিধায়ক অখিল গগৈক দোষমুক্ত ঘোষণা। NIAৰ আদালতে দোষমুক্ত কৰিলে অখিল গগৈক। আজিয়েই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা অখিল গগৈৰ। NIAৰ সকলো গোচৰৰ পৰা দোষমুক্ত বিধায়কগৰাকী। চাবুৱা, চানমাৰিৰ গোচৰৰ পৰা দোষমুক্ত অখিল গগৈ । আজিৰ তাৰিখত অখিল গগৈৰ বিৰুদ্ধে কোনো গোচৰ নাই । ইপিনে, চানমাৰি থানাৰ গোচৰৰ ৪জন অভিযুক্তকেই দোষমুক্ত ঘোষণা কৰিছে NIAৰ আদালতে।

অধিবক্তাই সংবাদ মাধ্যমক জনালে এই কথা । NIAই অনা অভিযোগ গ্ৰহণযোগ্য নহয় বুলিও অধিবক্তাগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।আজি NIAৰ আদালতত হাজিৰ কৰোৱা হৈছিল অখিল গগৈক। অখিলৰ লগতে দোষমুক্ত হৈছে ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল।লগতে দোষমুক্ত হৈছে মানস কোঁৱৰ। নতুন গোচৰ জাপি নিদিলে আজিয়েই হ’ব মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা GMCHৰ পৰাই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা অখিলৰ।

Leave A Reply

Your email address will not be published.