danewsplus.com
danewsplus.com

জম্মু-কশ্মীৰত পুনৰ ড্ৰোণৰ আতংক !

0 215

জম্মু-কশ্মীৰত পুনৰ ড্ৰোণৰ আতংক। নিশাৰ আন্ধাৰত জম্মু নগৰৰ আকাশ মাৰ্গত সেনা বাহিনীয়ে পুনৰ প্ৰত্যক্ষ কৰে তিনিখন ড্ৰোণ৷ মঙলবাৰে নিশা ৯.২৩মিনিটত জম্মুৰ মিৰানছাহিবত সেনাই প্ৰত্যক্ষ কৰে প্ৰথমখন ড্ৰোণ। আনহাতে পুৱতি নিশা ৪.৪০মিনিটত কালু চক অঞ্চলৰ আকাশমাৰ্গত পৰিভ্ৰমণ কৰা দেখা যায়। আন দুখন ড্ৰোণ।

যোৱা দেওবাৰে ভাৰতীয় বায়ু সেনাৰ বিমানবন্দৰত ড্ৰোণেৰে দুটাকৈ বোমা বিস্ফোৰণ হোৱাৰ পিছৰে পৰা জম্মুৰ আকাশমাৰ্গত প্ৰায় প্ৰতিদিনে দেখিবলৈ পোৱা গৈছে ড্ৰোণ। কিন্তু বিগত তিনিটা দিনে ভাৰতীয় সেনা বাহিনীয়ে এখনো ড্ৰোণ চিনাক্ত কৰিবলৈ সক্ষম হোৱানাই।

Leave A Reply

Your email address will not be published.