danewsplus.com
danewsplus.com

নাজিৰাৰ প্ৰথম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ত চাডেন ভিজিট অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ

0 159

ডিজিটেল জেস্ক, শিৱসাগৰ: শিৱসাগৰ জিলাৰ নাজিৰা লিগিৰী পুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ত বুধবাৰে সন্ধিয়াৰ ভাগত চাডেন ভিজিট অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।

সূত্ৰ অনুসৰি, চলিত বৰ্ষৰ এপ্ৰিল মাহত অএনজিচিৰ অপহৰণ কাণ্ডত আৰক্ষী বাহিনীটোৰ অন্তৰ্গত ২৫ নং অএনজিচি বেটেলিয়নৰ এজন জোৱান জড়িত থকাৰ প্ৰমাণ পোৱাৰ পাছত উক্ত ঘটনা সন্দৰ্ভত বেটেলিয়নটোৰ শীৰ্ষ বিষয়াৰ সৈতে এক গোপন বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানজন।

উল্লেখ্য যে, অএনজিচিৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ পাছতে ২৫ নং অএনজিচি বেটেলিয়নৰ জোৱানৰ আলফাৰ সৈতে থকা প্ৰত্যক্ষ সম্পৰ্ক ফাদিল হোৱাৰ পাছত অসম আৰক্ষীৰ ভিতৰচৰাত এক চাঞ্চল্যৰ সৃষ্টি হৈছিল।

Leave A Reply

Your email address will not be published.