danewsplus.com
danewsplus.com

সতীৰ্থ চিকিৎসকক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড়ৰ চিকিৎসক

0 134

ইটোৰ পিছত সিটো ঘটনাই জোকাৰি গৈছে ডিব্ৰুগড়। পুনৰ সতীৰ্থ চিকিৎসকক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল জিলাখনৰ চিকিৎসক। সতীৰ্থ চিকিৎসকক ধৰ্ষণ কৰাৰ অভিযোগত জে’ললৈ প্ৰেৰণ কৰা হৈছে অসম মেডিকেল কলেজৰ শল্য চিকিৎসা বিভাগৰ পঞ্জীয়ক ডাঃ সোণমনি ভূঞা।

অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ  ৪০৬/৩৭৬/৩৮৪ নং ধাৰাৰ অধীনত ১২৪৭/২১ নম্বৰত গোচৰ পঞ্জীয়ন হোৱাৰ লগতে আৰক্ষীয়ে অভিযুক্ত চিকিৎসকজনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, যোৱা ২৪ জুনত ডাঃ নয়নজ্যোতি ডেকা নামৰ চিকিৎসকজন গ্ৰেপ্তাৰ হৈছিল সতীৰ্থ এগৰাকী চিকিৎসকক ধৰ্ষণ কৰাৰ অভিযোগত। অসম চিকিৎসা মহাবিদ্যালয়ত ইজনৰ পিছত সিজন চিকিৎসকৰ এনে কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

Leave A Reply

Your email address will not be published.