danewsplus.com
danewsplus.com

লাডাখত প্ৰতিৰক্ষা মন্ত্ৰী, কি ক’লে ৰাজনাথ সিঙে

0 118

কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰে পৰা লাডাখত হ্ৰাস পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ৷ তিনিদিনীয়া লাডাখ ভ্ৰমণ কাৰ্যসূচীৰ মাজতে সোমবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ সেনা-অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী বাহিনীৰ মাজত থকা বুজাবুজিৰ বাবেই লাডাখৰ পৰিৱেশ এতিয়া উন্নত হৈছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীজনে৷

জম্মু-কাশ্মীৰ আৰু লাডাখক দ্বিবিভক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিৰোধীয়ে সমালোচনা কৰিছিল৷ ৰাজনৈতিক স্বাৰ্থৰে এই সিদ্ধান্ত লোৱা বুলিও সমালোচনা কৰিছিল একাংশই৷ কিন্তু এই সিদ্ধান্তৰ ইতিবাচক ভূমিকা দেখাৰ পিছত বিৰোধী বাকৰুদ্ধ হোৱা বুলি সমালোচনা কৰে ৰাজনাথ সিঙে৷

BROৰ কেইবাটাও নতুন আঁচনি একেটা কাৰ্যসূচীৰ পৰা উদ্বোধন কৰি সোমবাৰে এই মন্তব্য কৰে ৰাজনাথ সিঙে৷ আঁচনি উদ্বোধনৰ পূৰ্বে সেনাবাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে৷

দেশ ৰক্ষাৰ বাবে লাডাখৰ দুৰ্গম অঞ্চলত নিয়োজিত জোৱানসকলৰ বাবে এক বিশেষ ভোজৰো আয়োজন কৰা হয় সোমবাৰে৷ জোৱানসকলৰ সৈতে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে ৰাজনাথ সিঙে৷

Leave A Reply

Your email address will not be published.