danewsplus.com
danewsplus.com

দেশৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা নিৰ্মলা সীতাৰমণৰ

0 131

ক’ৰোনা পৰিস্থিতিৰ বাবে ভাঙি পৰা অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ৷ সোমবাৰে বিয়লি এক সংবাদমেলত সীতাৰমণে কয় যে, ক’ভিডৰ দ্বিতীয় ঢৌৰ বাবে ক্ষতিগ্ৰস্ত দৰিদ্ৰ জনতাৰ সাহায্যৰ বাবে কেইবাটাও কেন্দ্ৰীয় প্ৰকল্পৰ সময়সীমা বৃদ্ধি কৰা হ’ব৷ বিগত বৰ্ষত গৰীৱ কল্যাণ যোজনাৰ অধীনত ২০ লাখ কোটি টকাৰ বিত্তীয় পেকেজ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই বৰ্ষতো আঁচনিখন অব্যাহত থাকিব বুলি জনায় বিত্ত মন্ত্ৰীগৰাকীয়ে৷

পুষ্টিকৰ খাদ্য বিতৰণৰ বাবে পৃথকভাৱে ১ লাখ ৪৭ হাজাৰ ৫৫৫ কোটি টকা আবণ্টন দিয়াৰ কথাও প্ৰকাশ কৰে সীতাৰমণে৷ আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনাৰ সময়সীমা ২০২২ চনত ৩১ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছে৷ ক’ভিড পৰিস্থিতিত ক্ষতিগ্ৰস্ত কাৰিকৰী ক্ষেত্ৰৰ বাবে ১ লাখ ১০ হাজাৰ কোটি টকাৰ ঋণ গেৰাণ্টি যোজনা ঘোষণা কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে৷

এই অনুসৰি কাৰিকৰী প্ৰতিষ্ঠানসমূহে ৭.৯৫ শতাংশ সুদৰ হাৰত ১০০ কোটি টকাপৰ্যন্ত ঋণ লাভ কৰিব৷ আনহাতে স্বাস্থ্যৰ শিতানত ৫০ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে৷ ক’ৰোনা পৰিস্থিতিত পৰ্যটনৰ অৱস্থা পুনৰ সুস্থিৰ কৰি তুলিবলৈ বিনামূলীয়াকৈ ৫ লাখ পৰ্যটন ভিছা প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে সীতাৰমণে৷ পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ঋণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে৷

Leave A Reply

Your email address will not be published.