danewsplus.com
danewsplus.com

এজাক কণমানিৰ হাতযোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

0 123

ডিজিটেল ডেস্ক, শিৱসাগৰ: এজাক কণমানিৰ হাতযোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। জীৱন গঢ়িবৰ বাবে বিদ্যালয়লৈ অহা-যোৱা কৰিবৰ বাবে হাতযোৰ মুখ্যমন্ত্ৰী শৰ্মাক। বাৰিষা হ’লেই বিপদ নামি আহে এইসকল শিক্ষাৰ্থীৰ জীৱনলৈ। বিদ্যালয়লৈ যাবলৈ নাই এখন দলং। ক’বলৈ যিটো পথ আছে সেয়াও তথৈবচ। এই ঘটনা শিৱসাগৰ জিলাৰ পানবেচাৰ নাওজান লৰাপুতা গাঁৱৰ। মৰণক শৰণ দি দৈনন্দিন যাতায়ত কৰে এইসকল দুৰ্ভগীয়া ৰাইজে। দলঙৰ নামত মাত্ৰ এডাল সাঁকোৰে কান্ধত কেঁচুৱা লৈ যাত্ৰা কৰে লৰাপুতা গাঁওবাসীয়ে। অৱশেষত উপায়ন্তৰ হৈ কণ কণ শিক্ষাৰ্থীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰযোৰে কাকূতি-মিনতি কৰে।

স্বাধীনতাৰ পাছৰে পৰা আজি পৰ্যন্ত নিৰ্মাণ নহ’ল পথচোৱা লগতে এৰা সুঁতিৰ ওপৰত এখন দলং। বাঁহৰ সাঁকোৱেদি বিপদ সংকুল পথেৰে বিদ্যালয়লৈ অহা-যোৱা কৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে। এইদৰে মৰণক শৰণ দি নিতৌ যাত্ৰা কৰি গভীৰ সমস্যাত পৰিছে গঁঞাবাসী। দুৰ্দশাগ্ৰস্ত ৰাইজৰ এই অৱস্থা দেখি সোমবাৰে উক্ত অঞ্চলটোত উপস্থিত হয় বীৰ লাচিত সেনাৰ শৃংখল চলিহা, চিতু বৰুৱাকে ধৰি কেবাজনো নেতা। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সহযোগত অতিশীঘ্ৰে নাওজান লৰাপুতা গাঁৱৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে সংগঠনটোৱে।

Leave A Reply

Your email address will not be published.