danewsplus.com
danewsplus.com

অসমীয়াৰ জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা ঢেঁকীও হ’ব পাৰে কাৰোবাৰ বাবে আত্মসংস্থাপনৰ পথ

0 84

ডিজিটেল ডেস্ক, গোলাঘাট: অসমীয়া গ্ৰাম্য জীৱনৰ এটি চিনাকী সম্পদ ঢেঁকী। এসময়ৰ স্বগৌৰৱ প্ৰতীক এতিয়া বিলুপ্তিৰ পথত। হেৰাই গৈছে প্ৰতিজন অসমীয়াৰ মাজৰ পৰা ঢেঁকী। কিন্তু এই ঢেঁকীয়েও দিব পাৰে আত্মসংস্থাপনৰ পথ। হয়, এসময়ৰ অতি আদৰৰ সম্পদ ঢেঁকীও হ’ব পাৰে কাৰোবাৰ বাবে আত্মসংস্থাপনৰ উপযুক্ত পথ।

গোলাঘাটৰ যোগীবাৰী গাৱৰ ৩০ গৰাকী মহিলাই বাছি লৈছে এই ব্যতিক্ৰমী সংস্থাপনৰ পথ। গঢ়ি তুলিছে ঢেকী উদ্যোগ। ঢেঁকীশালৰ জৰিয়তে এইসকল মহিলাই নিজৰ ঘৰখন নিয়াৰিকৈ চলাই গৈছে। পুৱাই নিজৰ ঘৰখনৰ দহো বন সামৰি ওলাই আহে কৰ্মস্থলীলৈ। বিধায়ক মৃণাল শ‌ইকীয়াৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই ঢেঁকী উদ্যোগ।

খুন্দিছে সান্দহ, পিঠাগুড়ি, উখুৱা চাউল সকলো। এই উদ্যোগতেই সংস্থাপিত হৈছে বহু মহিলা। ইতিমধ্যে সম্পূৰ্ণ ব্যৱসায়িকভাৱে আৰম্ভ কৰা এই ঢেঁকীত খুন্দা বিভিন্ন সামগ্ৰী বিক্ৰী কৰি সাৱলম্বী হৈছে এইসকল মহিলা। এই ঢেঁকীশাললৈ আপুনিও আহিলে উপভোগো কৰিব পাৰিব যোগীবাৰী গ্ৰাম্য পৰ্যটন কেন্দ্ৰৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশ।

Leave A Reply

Your email address will not be published.