danewsplus.com
danewsplus.com

দীঘলীপুখুৰীত কেনেকৈ মৃত্যু হ’ল ৬ কুইন্টল মাছৰ

0 125

গুৱাহাটীৰ দীঘলীপুখুৰীত ওপঙিছে অসংখ্য মাছ৷ দেওবাৰে পুৱাই এই ঐতিহাসিক পুখুৰীত অসংখ্য মাছ ওপঙি থকা দেখি চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত৷ পুখুৰীটোৰ পানী প্ৰদূষিত হোৱাৰ বাবে এইদৰে মাছ মৰিবলৈ ধৰা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে৷

আংশিক লকডাউনৰ বাবে অন্যান্য উদ্যানসমূহৰ লগতে দীৰ্ঘদিন ধৰি বন্ধ আছিল দীঘলীপুখুৰীৰ উদ্যানখনো৷ পুখুৰীটোত দীৰ্ঘদিনৰ পৰা বন্ধ আছে নৌকাবিহাৰ৷ আনহাতে কৰ্তৃপক্ষই বহুদিন ধৰি পুখুৰীটোৰ পানী নিষ্কাষণৰ ব্যৱস্থাও কৰা নাছিল৷

পানীত মাছ ওপঙি থকা বিষয়টো চকুত পৰাৰ লগে লগে আৰু সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত, মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগীয় কৰ্তৃপক্ষক দিঘলীপুখুৰী পৰিদৰ্শন কৰি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

বিভাগীয় বিষয়াসকলে মৃত মাছ আৰু পুখুৰীৰ পানীৰ নমুনা পৰীক্ষা কৰি নিৰূপণ কৰে যে, জলাধাৰত দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ লগতে অত্যধিক পৰিমাণে জৈৱিক পদাৰ্থ জমা হোৱাৰ ফলত মাছৰ মৃত্যু ঘটে।

শুক্লবৈদ্যই প্ৰকাশ কৰে যে, “ হঠাৎ অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ লগতে মাত্ৰাধিক জৈৱিক পদাৰ্থৰ বাবেই মাছসমূহৰ মৃত্যু হয়। বিভাগীয় বিষয়াসকলে পৰীক্ষা কৰি পাইছে যে কোনো বিষ মিহলোৱা বাবে মাছৰ মৃত্যু হোৱা নহয়, বৰঞ্চ পৰিৱেশ অৱক্ষয়ৰ ফলতহে হৈছে।“ ইফালে মৃত্যুৰ মুখত পৰা মাছৰ পৰিমাণ ৬০০ কিলোৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে।

Leave A Reply

Your email address will not be published.