danewsplus.com
danewsplus.com

চাকৰি বদলিৰ নিৰ্দেশ স্থগিত কৰিবৰ বাবেই আজৱ পন্থা হাতত লোৱা বিষয়াক আটক

0 127

ডিজিটেল ডেস্ক, নগাঁও: চাকৰিৰ বদলিৰ নিৰ্দেশ স্থগিত কৰিবৰ বাবেই এজন লোকে হাতত লৈছে আজৱ পন্থা। লোকজনৰ এই আজৱ কাণ্ড শুনিলে আপোনাৰো চকু কঁপালত উঠিব। এই ঘটনা নগাঁৱৰ। জিলাখনৰ কৃষি বিভাগৰ উপ-সংমণ্ডল বিষয়া প্ৰবীণ বৰুৱাৰ এই কাণ্ডই সৰ্বত্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু। কিয়নো বৰুৱাই মৰিগাঁও জিলালৈ বদলিৰ নিৰ্দেশ স্থগিত কৰিবৰ বাবেই এই পন্থা হাতত লৈছে।

যোৱা ১২ জুনত বৰুৱাই এগৰাকী চিকিৎসকে দিয়া প্ৰেছক্ৰিপচনত নিজে ক’ভিড পজিটিভ বুলি লিখি ভুৱা ক’ভিড পজিটিভৰ প্ৰমাণ-পত্ৰ দাখিল কৰিছিল কাৰ্যালয়ত। বিভাগীয় কৰ্তৃপক্ষইও তেঁওৰ এই প্ৰমাণ পত্ৰ গ্ৰহণ কৰিছিল।

পৰৱৰ্তী সময়ত বৰুৱাৰ এই কাণ্ডত নগাওঁ ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকগৰাকীয়ে প্ৰবীণ বৰুৱাৰ বিৰুদ্ধে নগাওঁ সদৰ আৰক্ষী চকীত দাখিল কৰিছিল এক এজাহাৰ।

চিকিৎসক গৰাকীৰ এজাহাৰৰ ভিত্তিত শনিবাৰে নগাওঁ আৰক্ষীয়ে আটক কৰিছে জিলা কৃষি বিভাগৰ উপ-সংমণ্ডল বিষয়া প্ৰবীণ বৰুৱাক। ভুৱা ক’ভিড নথিৰে ফাঁকি দিয়া বিষয়াগৰাকীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ’ব।

Leave A Reply

Your email address will not be published.