danewsplus.com
danewsplus.com

খেতিয়কৰ হাহাকাৰ ! পথাৰতে মৰহিছে ড্ৰেগন ফল

0 482

ক’ৰোনাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে বিপদত পৰিছে মৰিগাঁৱৰ এজন উদ্যমী খেতিয়ক ৷ ড্ৰেগন ফল আৰু নেমুটেঙাৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল প্ৰভাকৰ ডেকা নামৰ যুৱকজনে ৷ কিন্তু এতিয়া পথাৰতে মৰহিছে ড্ৰেগন ফল ৷ উন্নত জাতৰ নেমুটেঙাও গছতে পকি সৰি পৰিছে ৷ কাৰণ কিনোতা নাই ৷ নাই বজাৰো ৷

এইবাৰ ড্ৰেগন ফলৰ উৎপাদন ৬-৭ টন হৈছেগৈ ৷ বজাৰমূল্য প্ৰতিকিলোত ন্যূনতম ৩৫০ টকা হ’লে এই কৃষকজনে হেৰুৱাব লাগিব ১৫-১৬ লাখ টকা ৷ পূৰ্বতে থাইলেণ্ডৰ বগৰী আৰু ড্ৰেগন ফলৰ খেতিৰে লাভৱান হোৱাত এইবাৰ তেওঁ ব্যয় কৰিছিল লক্ষাধিক টকা৷ কিন্তু বৰ্তমান পৰিস্থিতিৰ বাবে তেওঁ মূৰে-কঁপালে হাত দিব লগা হৈছে ৷

Leave A Reply

Your email address will not be published.