danewsplus.com
danewsplus.com

সুদীৰ্ঘ ৯ বছৰৰ মূৰত মহামিলন পিতৃ-পুত্ৰীৰ। কেনেকৈ সম্ভৱ হ’ল এই মহামিলন ?

0 127

সুদীৰ্ঘ ৯ বছৰৰ মূৰত মহামিলন পিতৃ-পুত্ৰীৰ। ৯ বছৰ ধৰি সন্ধানহীন পিতৃ-পুত্ৰীৰ মহামিলন। পিতৃ-কন্যাৰ এই মহামিলন সম্ভৱ হৈছে একমাত্ৰ মৃদুস্মিতা ফুকনৰ বাবে। মৃদুস্মিতাৰ একক প্ৰচেষ্টাৰ অন্তত পিতৃ-কন্যাৰ মিলন ঘটিছে। দুলীয়াজানৰ শিক্ষয়ত্ৰী মৃদুস্মিতা ফুকনৰ এই উল্লেখযোগ্য মহানুভৱতাৰ ফলতে পিতৃক পুনৰ উভতাই পালে কন্যাই।

ঘটনা অনুসৰি, বিগত কেইবা বছৰ ধৰি মানসিকভাৱে বাধাগ্ৰস্ত আছিল পিতৃ শিৱ কুমাৰ সোনাৰ। তেওঁক বিভিন্ন খাদ্যৰ লগতে অন্যান্য সামগ্ৰী যোগান ধৰি আহিছিল শিক্ষয়ত্ৰী মৃদুস্মিতা ফুকনে। পিছত মৃদুস্মিতাই তেওঁক সোধ-পোছ কৰাত সকলো কথা পোহৰলৈ আহে আৰু যোৱা কেইবাদিন ধৰি সন্ধান চলাই অৱশেষত লোকজনক কন্যাৰ সৈতে মহামিলন কৰোৱাবলৈ সক্ষম হয় শিক্ষয়ত্ৰী মৃদুস্মিতা ফুকনে।

দুলীয়াজানৰ পদপথেই একমাত্ৰ সাৰথী হৈ পৰিছিল শিৱ কুমাৰ সোনাৰ বাবে। অৱশেষত মঙলবাৰে পুত্ৰীয়ে পিতৃক লগ পাই আশীৰ্বাদ লয় আৰু এক দীঘলীয়া আলাপ কৰে। দীৰ্ঘদিন ধৰি ইজনে সিজনক লগ পাই আৱেগিক হৈ পৰে। পদপথত বাস কৰা সময়চোৱাত ৰাইজে বৰঙণি দিয়া ধন নিজ কন্যাক তুলি দিয়ে মানসিকভাৱে বাধাগ্ৰস্ত পিতৃয়ে।

উল্লেখযোগ্য যে, ৯ বছৰ পূৰ্বে শিৱ কুমাৰ দুলীয়াজান অইলৰ সাৰ্ভেন্ত আৱাস গৃহত আছিল। হঠাৎ অসুস্থ হৈ দুলীয়াজানৰ পদপথত অনাই-বনাই ঘূৰি ফুৰিছিল শিৱ কুমাৰে। ইফালে, মৃদুস্মিতা ফুকনে শিৱ কুমাৰৰ সকলো চিকিৎসাৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.