danewsplus.com
danewsplus.com

টকাৰ বাবে সততাক বিক্ৰী নকৰো! ‘হোম গাৰ্ড’ বৰছিং বে’ক ১ লাখ টকা প্ৰদান DGP-ৰ

0 93

সততাৰ বাবে সন্মানিত হ’ল এজন গৃহৰক্ষী জোৱান। কাৰ্বি আংলঙৰ বৰছিং বে’ক ১ লাখ টকাৰ পুৰস্কাৰ দিলে আৰক্ষী সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তই।

আৰক্ষী সঞ্চালক প্ৰধানে গুৱাহাটীত সন্মানিত কৰিলে জোৱানজনক। উল্লেখ্য যে, ১২ কোটি টকাৰ ড্ৰাগছ ধৰিছিল বৰছিং বে’য়ে। প্ৰাপ্ত তথ্য অনুসৰি, মণিপুৰৰ পৰা চেন্নাইলৈ আনি থকাৰ সময়তে ড্ৰাগছখিনি জব্দ হয়।

কাৰ্বি আংলঙত জোৱানজনে জব্দ কৰে ড্ৰাগছখিনি। ইফালে উৎকোচ দিওঁতেও নল’লে বৰছিঙে। বৰছিঙৰ সততাক সকলোৱে চেল্যুট দিছে।

Leave A Reply

Your email address will not be published.