danewsplus.com
danewsplus.com

বুধবাৰে বিয়লি ৩ বজাত মমতা বেনাৰ্জীৰে সাক্ষাৎ কৰিব কৃষক নেতা ৰাকেশ টিকাইট

0 46

নেশ্যনেল ডেস্ক, ৯ জুন: বুধবাৰে বিয়লি ৩ বজাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰে সাক্ষাৎ কৰিব ভাৰতীয় কিষাণ ইউনিয়ন চমুকৈ বি কে ইউৰ নেতা ৰাকেশ টিকাইটে। কৃষি, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত বেনাৰ্জীৰে আলোচনা কৰিব কৃষক নেতাগৰাকীয়ে।

এই সন্দৰ্ভত কৃষক নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দেশৰ কৃষকসকলে উপযুক্ত মূল্য অৰ্থাৎ এম এচ পি লাভ কৰা নাই। গতিকে এই ক্ষেত্ৰত পশ্চিমবংগৰ কৃষকসকলে কেন্দ্ৰলৈ এক পত্ৰ প্ৰেৰণ কৰিব লাগে। যাতে তেওঁলোকৰ উৎপদিত ফচলৰ সঠিক মূল্য লাভ কৰে। ইয়াৰোপৰি, নতুন কৃষি আইনৰ বিৰুদ্ধেও ৰাজ্যখনৰ কৃষকসকলক কেন্দ্ৰ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰোধীতাৰে দিল্লীৰ সীমান্তত হাজাৰ হাজাৰ কৃষকে কৰা প্ৰতিবাদৰ সময়চোৱাত তৃণমূল কংগ্ৰেছৰ বিধায়কসকলেও তেওঁলোকৰ সমৰ্থন জনাইছিল।

Leave A Reply

Your email address will not be published.