danewsplus.com
danewsplus.com

অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭ বনমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণা

0 74

পাঞ্জাবাৰীস্থিত ‘অৰণ্য ভৱন’ত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি সংবাদমেল সম্বোধন কৰে। ৰাজ্যৰ নতুন দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম ঘোষণা কৰে বনমন্ত্ৰীগৰাকীয়ে।পূৰ্বে অসমত পাঁচখন ৰাষ্ট্ৰীয় উদ্যান আছিল যদিও আজিৰেপৰা নতুনকৈ দুখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে সংযোজিত হৈছে বুলিও সদৰী কৰে বনমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ‘ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান’ৰ কথা ‘পৰিৱেশ দিৱস’ৰ দিনা উল্লেখ কৰিছিল।

বিটিআৰৰ কঁচুগাঁও বন সংমণ্ডলত এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত ,ৰায়মনা ৪২২ বৰ্গ কিঃমিঃ মাটিকালিৰে আৱৰা। উত্তৰে ভূটান, পশ্চিমে পশ্চিমবংগৰ গুটছে বাঘ্ৰ প্ৰকল্প আৰু মানস ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

দিহিং-পাটকাই’ক বৰ্ষাৰণ্য হিচাপে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যানে বহু সহায় কৰিব। দিহিং-পাটকাইকো অসম চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে আজিৰেপৰা ঘোষণা কৰে সংবাদমেলৰ জৰিয়তে। তেওঁ লগতে কয় যে, আজিৰে পৰা অসমত পাঁচখনৰ সলনি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭খন।

Leave A Reply

Your email address will not be published.