danewsplus.com
danewsplus.com

আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩১ তম জন্ম বাৰ্ষিকী

0 193

আজি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ ১৩১ তম জন্ম বাৰ্ষিকী। ৰাজ্যৰ প্ৰথমগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ জন্ম দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ কলা, সংস্কৃতি, পৰিচয় আৰু স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰত গোপীনাথ বৰদলৈয়ে পালন কৰা বলিষ্ঠ ভূমিকা চিৰ স্মৰণীয়।

১৮৯০ চনৰ ৬ জুুনত ৰহাত জন্মগ্ৰহণ কৰিছিল ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে। ১৯৫০ চনৰ ৫ আগষ্টত মৃত্যু হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ। তেওঁ একেধাৰে মুক্তিযুঁজাৰু, সত্যাগ্ৰহী, দক্ষ ৰাজনীতিবিদ আৰু সু-বক্তা আছিল। আধুনিক অসমৰ বাটকটীয়া আৰু জাতিৰ মাৰ্গদৰ্শক বৰদলৈদেৱক মৰণোত্তৰভাৱে ১৯৯৯ চনত তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।

Leave A Reply

Your email address will not be published.