danewsplus.com
danewsplus.com

ৰাছিয়াৰ স্পুটনিক ভি প্ৰস্তুতৰ বাবে প্ৰাথমিক অনুমোদন লাভ চিৰাম ইনষ্টিটিউটৰ

0 105

দেশবাসীৰ বাবে সুখবৰ। দেশত মহমাৰী ক’ভিড ভেকচিনৰ নাটনিৰ সময়তে পুনেস্থিত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া চমুকৈ এছ আই আইয়ে ৰাছিয়াৰ স্পুটনিক ভি প্ৰস্তুত কৰিবলৈ প্ৰাথমিক অনুমোদন লাভ কৰিছে। প্ৰথমে আদাৰ পোনাৱালাৰ কোম্পানীটোৱে ৰাছিয়াৰ ভেকচিনটো পৰীক্ষা নিৰীক্ষা কৰিব। তাৰ পাচতহে প্ৰস্তকৰণৰ প্ৰক্ৰিয়াৰ বাবে আগবাঢ়িব।

এই সন্দৰ্ভত কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পোনেৱালাই কয় যে ৰাছিয়াৰ ভেকচিন স্পুটনিক ভি প্ৰস্তুত কৰিবলৈ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰাথমিক অনুমোদন লাভ কৰিছে। কিন্তু ইয়াক প্ৰস্তুত কৰিবলৈ কেবামাহৰ প্ৰয়োজন হ’ব।

ৰাছিয়াৰ এই ভেকচিন এতিয়া বিশ্বৰ ৬৫ খনতকৈও অধিক দেশত ব্যৱহাৰৰ বাবে পঞ্জীয়ন কৰা হৈছে যদিও ইউৰোপীয় বা ইউনিয়ন আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে অনুমোদন জনোৱা নাই।

Leave A Reply

Your email address will not be published.