danewsplus.com
danewsplus.com

লকডাউন শিথিল কৰা সন্দৰ্ভত ৭ জুনত লোৱা হ’ব সিদ্ধান্ত

0 104

ক’ভিড নীতি-নিৰ্দেশনা সন্দৰ্ভত পুনৰ বিবেচনা কৰিব চৰকাৰে৷ ৭ জুনত নতুন নিয়ম সন্দৰ্ভত পুনৰ বিবেচনা হ’ব৷ এই বিষয়ে প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজি দিছপুৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে৷ ৰাজ্যত ক্ৰমান্বয়ে কৰ’না সংক্ৰমণ হ্ৰাস পোৱা বুলি প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী মহন্তই৷

মৃত্যুৰ সংখ্যাও আগৰ তুলনাত কমাৰ কথাও সদৰি কৰে স্বাস্থ্যমন্ত্ৰীয়ে৷ সংবাদমেলত তেওঁ কয়, ৰাইজৰ সহযোগত কৰ’না নিয়ন্ত্ৰণ কৰা সম্ভৱ হৈছে৷ এতিয়া দৈনিক ৫০ হাজাৰ লোকক ভেকচিন দি থকা হৈছে আৰু এই সংখ্যা ৭০ হাজাৰলৈ বৃদ্ধি কৰিববলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ৬খন জিলাক ইয়াৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিব স্বাস্থ্য বিভাগে।

চৰকাৰে ক্ৰয় কৰিব নোৱৰা ২৫ শতাংশ ভেকচিন বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ক ক্ৰয় কৰাৰ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী মহন্তই। এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পুঁজিৰ বাবে ৩ মাহৰ সূদবিহীন ঋণ দিব চৰকাৰে৷ ৰাজ্যৰ সাতখন মেডিকেল কলেজত পেডিয়াট্ৰিক আইচিইউ নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ সদৰি কৰে৷ শিশুৰ বাবে ৫টা আইচিইউ নিৰ্মাণ কৰাৰ কাম হাতত লোৱা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই৷

Leave A Reply

Your email address will not be published.