danewsplus.com
danewsplus.com

গুৱাহাটীৰ পদপথৰ লোকসকলক কোনে উঠাই নিলে বাছত…

0 101

ক’ভিড নিৰাময়ৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ মাজতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে পদপথত আশ্ৰিত লোকসকলক নিৰাপদ আশ্ৰয় প্ৰদানৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে। বুধবাৰে জিলা প্ৰশাসনে শুক্ৰেশ্বৰ ঘাট এলেকাৰ পৰা প্ৰায় ৩০ জন পদপথত আশ্ৰিতলোকক বিভিন্ন বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আশ্ৰয় গৃহলৈ স্থানান্তৰ কৰে। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নিৰ্দেশত প্ৰশাসনৰ তৰফৰ পৰা জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত এই কাৰ্য সম্পাদন কৰা হয়।

গোলাঘাট মহিলা নিৰ্মাণ বেচৰকাৰী সংস্থা, ইপিচিপি বেচৰকাৰী সংস্থা আৰু নেভাৰ্ড বেচৰকাৰী সংস্থাই আশ্ৰয় গৃহলৈ পদপথত আশ্ৰিত লোকসকলক স্থানান্তৰ কাৰ্যত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। উল্লেখযোগ্য যে, স্থানান্তৰ কৰাৰ আগতে কৰা
ক’ভিড পৰীক্ষাত কাৰোৰে শৰীৰত ক’ভিড ১৯ ৰ উপস্থিতি পোৱা নগ’ল।

আনহাতে, জিলাখনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠৰ পৰা জালুকবাৰীলৈকে ট্ৰাক ৰখোৱা স্থানবোৰত বুধবাৰে জিলা প্ৰশাসনে ক’ভিড পৰীক্ষাৰ এক কাৰ্যসূচী সম্পন্ন কৰে। জিলা পৰিবহন বিভাগৰ সহযোগত কৰা এই পৰীক্ষাত ৮৪ জন লোকৰ ভিতৰত ৫ জনৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পিছত আক্ৰান্তসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Leave A Reply

Your email address will not be published.