danewsplus.com
danewsplus.com

বুধবাৰৰ পৰা মহানগৰৰ বজাৰে বজাৰে হ’ব ক’ভিড পৰীক্ষা

0 96

মহানগৰৰ বৰ্ধিত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ সকলো বজাৰতে ক’ভিড পৰীক্ষাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে৷ এই সিদ্ধান্তমৰ্মে বুধবাৰৰ পৰা সকলো বজাৰে বজাৰে পৰীক্ষা আৰম্ভ কৰিব স্বাস্থ্য বিভাগে৷ সোমবাৰে বিয়লি ৫ বজাত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰাৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বহা ক’ভিড পৰীক্ষা অভিযান আৰু ক’ভিড টীকাকৰণৰ পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷

ইতিমধ্যে সোমবাৰে পুৱা সকলো বজাৰ কমিটি আৰু চক্ৰ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই বিষয়ে অৱগত কৰিছে৷ পৰৱৰ্তী পৰ্যায়ত নাপিতসকলক এই অভিযানৰ অধীনত সামৰি লোৱা হ’ব৷ ইতিমধ্যে কাৰ পাৰ্কিং, ৱেৰহাউছ, এপাৰ্টমেণ্ট, কাৰ্যালয়, শ্বপিং মল আদিত বৃহৎ হাৰত পৰীক্ষা কৰি থকা হৈছে আৰু আগন্তুক দিনত এই পৰীক্ষা অধিক বৃদ্ধি কৰা হ’ব৷

তদুপৰি অনলাইনযোগে খাদ্য যোগান দিয়া প্ৰতিষ্ঠান সমূহৰ ডেলিভাৰী বয় সকলৰো ক’ভিড পৰীক্ষা কৰি থকা হৈছে৷ সোমবাৰে বিয়লি অনুষ্ঠিত পৰ্যালোচনা বৈঠকখনত অতিৰিক্ত উপায়ুক্ত(টীকাকৰণ) গুনজিৎ ৰয়চৌধুৰী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° গনেশ শইকীয়া আৰু সংশ্লিষ্ট ক্ষেত্ৰ সমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.