danewsplus.com
danewsplus.com

বিষাদ নগৰী নাজিৰাৰ অনামিকা দুৱৰাক আৰু বিচাৰি নাযায় কবি পল শেনচোৱাই…

0 187

নৱপ্ৰজন্মৰ জনপ্ৰিয় কবি পল শেনচোৱাৰ দেহাৱসান৷ সোমবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰিলে কবিগৰাকীয়ে৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় কবিগৰাকীৰ৷ মাত্ৰ ৩৭ বছৰ বয়সতে নিয়তিয়ে কাঢ়ি লৈ গ’ল কবিগৰাকীক৷ কিছুদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল কবিগৰাকী৷

জনপ্ৰিয় মাহেকীয়া আলোচনী ‘মায়া’ৰ এসময়ৰ উপ-সম্পাদক আছিল কবি পল শেনচোৱা৷ অনামিকা দুৱৰা, নষ্টালজিয়া, মহাপ্ৰস্থানৰ ৰে’ল গাড়ী আদিৰ দৰে পল শেনচোৱাৰ ৰচিত বহু জনপ্ৰিয় কবিতা ৰাইজে আঁকোৱালি লৈছিল৷ জুবিন গাৰ্গে কণ্ঠ নিগৰুৱা পল শেনচোৱাৰ কেইটামান হৃদয় জুৰোৱা কবিতা আছিল অন্যতম৷

তাৰ ভিতৰত মই দেউতাৰ দৰে হ’ব নোৱাৰিলো, অনামিকা দুৱৰাৰ সৈতে মোৰ অন্তিম আলাপ, তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ, বিষাদ নগৰী নাজিৰা আদি উল্লেখযোগ্য আছিল৷ অতি কম বয়সতে পিতৃ-মাতৃ, পত্নী, শুভাকাংক্ষীক এৰি অজান দেশলৈ গ’ল গৈ অসমবাসীৰ মৰমৰ কবি পল শেনচোৱা৷

Leave A Reply

Your email address will not be published.