danewsplus.com
danewsplus.com

ৰাজ্যত আজিৰে পৰা নাটনি হ’ব পাৰে ৰন্ধন গেছ…

0 198

উত্তৰ গুৱাহাটীঃ ক’ৰোনাৰ সংক্ৰমণৰ মাজতে ৰাজ্যবাসীৰ বাবে দু-খবৰ। মঙলবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব উত্তৰ পূবৰ ৮ টাকৈ ৰন্ধন গেছ প্ৰকল্প। বিভিন্ন সমস্যা সমাধানৰ দাবীত আহ্বান জনোৱা ধৰ্মঘটৰ বাবেই বন্ধ থাকিব ৰন্ধন গেছ প্ৰকল্প কেইটা।

থলুৱাক বঞ্চিত কৰাৰ অভিযোগ গেছ প্ৰকল্পকেইটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। অভিযোগ উত্থাপন কৰি নৰ্থ ইষ্ট পেক্ট এলপিজি ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েচনে প্ৰতিবাদত উত্থাল কৰি তুলিছে গেছ প্ৰকল্পৰ চৌহদ। এছ’চিয়েচনৰ তৰফৰ পৰা থলুৱাক বঞ্চিত কৰি নিবিদাৰ ২৫ শতাংশ লাভাংশৰ হাৰ কমাই দিয়াৰ প্ৰতিবাদত এই ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

এই ধৰ্মঘটৰ ফলত মঙলবাৰৰ পৰা বন্ধ থাকিব উত্তৰ পূবৰ ক্ৰমে উত্তৰ গুৱাহাটী, মিৰ্জা-সৰপাৰা, দুলীয়াজান, শিলচৰ, গোপানাৰী, ডিমাপুৰ, বঙাইগাওঁ আৰু চেকমাইৰ বটলিং প্লান্ট।

Leave A Reply

Your email address will not be published.