danewsplus.com
danewsplus.com

সোমবাৰে দুপৰীয়া ১২ বজাত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই

0 77

আৰু মাজত মাত্ৰ কেইটামান ক্ষণ। সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব বিজেপি বিধায়িনী দলৰ দলপতি হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে এইক্ষেত্ৰত প্ৰস্তুতি সম্পন্ন হৈছে। সোমবাৰে দুপৰীয়া ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কেবিনেটে।

হিমন্ত বিশ্ব শৰ্মা বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত অসমৰ দ্বিতীয়গৰাকী বিজেপি দলৰ পৰা নিৰ্বাচিত মুখ্যমন্ত্ৰী। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হৈছিল বিজেপি বিধায়িনী বৈঠক। সেই বৈঠকতে তেওঁক নিৰ্বাচিত কৰা হয়।

ইফালে বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে দুপৰীয়াৰ ভাগত ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল জগদীশ মুখীৰ হাতত পদত্যাগ পত্ৰ অৰ্পন কৰিছিল। উল্লেখ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১২৬ খন আসনৰ ভিতৰত ৭৫ খন লাভ কৰিছিল। ইয়াৰে ৬০খন বিজেপিয়ে নিজে লাভ কৰাৰ সমান্তৰালকৈ অগপই ৯খন আৰু ইউপিপিএলে লাভ কৰিছিল ৬খন আসন।

Leave A Reply

Your email address will not be published.