danewsplus.com
danewsplus.com

অসমত এখন বিয়াক কেন্দ্ৰ কৰি চাঞ্চল্য! বিয়া খাই ক’ৰোনাত আক্ৰান্ত ২২ জনকৈ লোক

0 110

বিহপুৰীয়াঃ দুটি মন এটি হ’ল। দুখন ঘৰৰ মাজত সম্পৰ্ক গঢ়ি উঠিল। এইখিনিলৈকে সকলো ঠিকেই আছিল। বিয়াৰ পিছতহে আহিল বেয়া খবৰটো। বিয়ালৈ যোৱা প্ৰতিগৰাকী লোকক এটা খবৰে অবাক কৰি ৰাখিছিল। কাৰণ খবৰ আহিছিল, বিৱাহ অনুষ্ঠানত ভাগ লোৱা ইজনৰ পিছত সিজন লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰোনা ভাইৰাছ।

লখিমপুৰ জিলাৰ নাওবৈচাত এখন বিয়াক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰিছে। এজন লোকৰ ঘৰত উলহ-মালহেৰে অনুষ্ঠিত কৰা বিয়াখন হৈ পৰিল ক’ভিডৰ ছুপাৰ স্প্ৰেডাৰ।

নাওবৈচাৰ বঙালমৰা কাৰীপুখুৰী গাঁৱৰ বিপুল নেওগ নামৰ লোকজনৰ ঘৰত আয়োজন কৰা হৈছিল বিয়াখন। অভিযোগ অনুসৰি বিয়াখন আয়োজন কৰাৰ সময়ত মানি চলা নাছিল ক’ৰোনাৰ কোনো নীতি নিয়ম। ফলশ্ৰুতিত ইজনৰ পিছত সিজন লোক ক’ৰোনাত আক্ৰান্ত হৈছে।

প্ৰাপ্ত তথ্যনুসৰি এতিয়ালৈকে মুঠ ২২ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ। বিৱাহস্থলীত নাছিল কোনো সামাজিক দূৰত্বও। অভিযোগনুসৰি কোনো লোকে পৰিধান কৰা নাছিল মাস্ক। বিয়াখনত উপস্থিত থকা সকলো লোকৰ মাজতেই এতিয়া আতংকই বিৰাজ কৰিছে।

Leave A Reply

Your email address will not be published.