danewsplus.com
danewsplus.com

ভোটগণনা: আজি অন্ত পৰিব উৎকণ্ঠাৰ

0 65

গুৱাহাটী: বহু জল্পনা কল্পনাৰ আজি অন্ত পৰিব। ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ আজি ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা৷ পুৱাৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোটগণনা কেন্দ্ৰসমূহত ব্যাপক তৎপৰতা৷ ২০২১ৰ বিধানসভা নিৰ্বাচনত মুঠ ৯৪৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ আনহাতে ১ কোটি ৯১ লাখ ভোটাৰে প্ৰাৰ্থীসকলৰ ভাগ্য EVM বন্দী কৰিছে৷ আজি ৰাজ্যৰ ৩৩১টা কেন্দ্ৰত ভোটগণনা হ’ব৷ দেশ তথা ৰাজ্যত অব্যাহত থকা ক’ৰোনাৰ সংক্ৰমণৰ বাবে এইবাৰৰ ভোটগণনাত কিছু ব্যতিক্ৰম দেখা যাব৷ প্ৰতিটো ভোটকেন্দ্ৰতে সামাজিক দূৰত্ব, মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে৷ এইবাৰ ভোটগণনা কেন্দ্ৰ সমূহৰ আশে পাশে জনসমাগমো নিষিদ্ধ কৰা হৈছে৷

Leave A Reply

Your email address will not be published.